- এজন ব্যক্তি ধনাত্মক চিন্তাধাৰাৰে আগবাঢ়োতে, যদি তেওঁৰ কাষত ঋণাত্মক ব্যক্তিৰ প্ৰয়োভৰ হয়, তেতিয়া তেওঁৰ ধনাত্মক চিন্তাধাৰাত কিছু প্ৰভাৱ পৰিব পাৰে। অৱশ্যে ই ব্যক্তিজনৰ মানসিক শক্তিৰ ওপৰতো নিৰ্ভৰ কৰিব।
- এজন ব্যক্তি ঋণাত্মক চিন্তাধাৰাৰে আগবাঢ়োতে, যদি তেওঁৰ কাষত সবল ধনাত্মক ব্যক্তিৰ প্ৰয়োভৰ হয়, তেতিয়া ঋণাত্মক চিন্তাধাৰাৰ ব্যক্তিজনো ধনাত্মক চিন্তাধাৰাৰ ব্যক্তিলৈ পৰিবৰ্তিত হ'ব।
ঋণাত্মক ব্যক্তিৰ পৰা সদায় আতৰি থকায়েই উচিত।
ইয়াৰ পৰা এটা কথা অনুমান হয় যে - আমাৰ চিন্তাধাৰাত পৰিৱেশে বা ইয়াৰ উপাদান সমূহে প্ৰভাৱ পেলায়, যিদৰে শিশু অৱস্থাতেই এজন ব্যক্তিৰ স্বভাৱ গঠন হয় আৰু পৰিৱেশে ইয়াৰ মুখ্য ভুমিকা লয়। যদিও শিশু অৱস্থা পাৰ হোৱাৰ পিছতো স্বভাৱৰ পৰিবৰ্তন হ'ব পাৰে বিভিন্ন কাৰণত (ভাল বা বেয়া), কিন্তু স্বভাৱ গঠনৰ আৰম্ভনি শিশু অৱস্থাতেই হৈ যায়। এজন ব্যক্তিয়ে নিজকে মানসিক ভাৱে ইমানেই শক্তিশালী কৰি তুলিব লাগে যে, পৰিৱেশ আৰু ইয়াৰ উপাদান সমূহ আমাৰ মনৰ পৰিসৰৰ ওচৰত দূৰ্বল হৈ পৰে। তাৰ বাবে প্ৰথমে নিজকে বুজি পোৱাটো প্ৰয়োজন। আমি প্ৰত্যেকে মনত ৰখা উচিত য়ে, আমি প্ৰতিজন ব্যক্তিয়ে ভিন্ন শৰীৰ আৰু মনেৰে গঠিত আৰু আমাৰ শৰীৰ আৰু মনৰ ওপৰত কেৱল মাথো আমাৰ নিজৰ হে নিয়ন্ত্ৰন থাকে বা নিজৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। যেতিয়া লৈকে নিয়ন্ত্ৰৰ চাবি - কাঠি আমাৰ নিজৰ ওচৰত ৰাখিম, তেতিয়ালৈকে মন বিচলিত হ'ব নোৱাৰে।
এজন ব্যক্তিয়ে যদি আনৰ লগত নিজকে তুলনা নকৰাকৈ (সুখ - দুখ, সফলতা - বিফলতা, প্ৰাপ্তি - অপ্ৰাপ্তি ইত্যাদি) আগুৱাই যায়, তেনেহ'লে জীৱনৰ পথত সেই যাত্ৰা সদায় ধনাত্মক চিন্তাধাৰাৰেই হ'ব আৰু নিশ্চিত ভাৱে সেই যাত্ৰা এক সফল যাত্ৰায়েই হ'ব।
জীৱনৰ যিকোনো পৰিস্থিতিৰ (লাগিলে প্ৰতিকূলেই হওঁক) সৈতে মুখামুখি হৈ, সেই পৰিস্থিতিৰ সৈতে নিজকে খাপ খোৱাব পৰাটোৱেই হৈছে ধনাত্মক চিন্তাধাৰাৰ বাস্তৱ ৰূপ।
Tag: Article (প্ৰবন্ধ)
ভাল লাগিল পঢ়ি । নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হব পাৰিম বুলি আশা কৰিলো ।
ReplyDeleteধন্যবাদ
Delete