✎ পৃথিৱীত দুই ধৰণৰ দুখী মানুহ আছে:
এজনে নিজৰ দুখত দুখী আৰু
আনজনে আনৰ সুখ দেখি দুখী। এই ক্ষেত্রত দ্বিতীয় জন মানুহে জীৱনত কেতিয়াও এশ
শতাংশ সুখী হ'ব নোৱাৰিব। কাৰণ সুখী মানুহ দেখাৰ লগে লগেই তেওঁ দুখ অনুভৱ
কৰিব। আৰু সঁচা কথাটো এই যে, আমাৰ চাৰিওফালে সুখী মানুহৰো অভাৱ নাই, যিদৰে
দুখী মানুহৰ অভাৱ নাই। প্ৰথম জন মানুহৰ জীৱনত, অৱশ্যে এদিন হ'লেও সুখ
আহিবয়েই। কাৰণ, এইয়া যে প্ৰকৃতিৰ নিয়ম।
উৎস:
এদিন ছ্নী টি.ভি. ত, "কমেডী নাইট উইঠ কপিল শৰ্মা" অনুষ্ঠানতো চাই থাকোতে,
দৰ্শকৰ মাজৰ পৰা হাঁহিৰ মাজেৰে এজন ব্যক্তিয়ে কোৱা প্ৰথম শাৰী কথা মনত ৰৈ
গৈছিল।
✎ পৃথিৱীত দুই ধৰণৰ সুখী মানুহ আছে:
এজনে নিজৰ সুখত সুখী আৰু আনজনে আনৰ সুখ দেখিও সুখী। এই ক্ষেত্রত দ্বিতীয় জন মানুহৰ জীৱনত সেৰুৱাবলৈ একো নাথাকিলেও, সুখে কিন্তু তেওঁক কেতিয়াও এৰি থৈ নাযাব। প্ৰথম জন মানুহ অৱশ্যেই এজন স্বাভাৱিক ভাৱেই সুখী মানুহ।
আচলতে সুখ ক'ত বিচাৰি পোৱা যাব ?
এদিন ক'ৰবাত পঢ়িবলৈ পাইছিলো - "সুখ" মানুহৰ নিজৰ মাজতেই অন্তৰ্নিহিত এটা বস্তু, ইয়াক বৰ্হিজগতত বিচৰাৰ প্ৰয়োজনেই নাই। ই নিৰ্ভৰ কৰিব জীৱনৰ প্ৰতি মানুহজনৰ মনোভাৱ (attitude) আৰু নিজেই নিজৰ প্ৰেৰণাৰ উৎস হোৱাৰ লগতে সকলো জীৱৰ প্ৰতি হৃদয়ত স্নেহ।
Tag: Article (প্ৰবন্ধ)

No comments:
Post a Comment