Pages

Tuesday, 16 May 2017

মোৰ নিজৰ সময়

আৱেগৰ সোঁতত উতি-ভাঁহি ফুৰিছো
সময় যে এতিয়া নিজম-নিঠৰ
বৰ একান্ত ব্যক্তিগত, অনুভৱৰ সময়।
বহু কথাই আৱৰি ধৰে মন ---
কিছু পোৱাৰ, কিছু হেৰুৱাৰ
কিছু কথাই লৈ যায় মন বহু দূৰলৈ,
কিছু কথাই সাঁথৰ কৰি দিয়ে ক্ষণিকৰ বাবে।
 


মাজে মাজে বাজি আছে মিঠা সুৰৰ গান
সুৰৰ মূৰ্চ্ছনাত মনৰ গতি আৰু দিশৰো সলনি হয়।
হয়তো বহু নষ্ঠালজিয়াও হৈ পৰিছো,
কোনো ক্ষণত নিজকে খঙো উঠিছে,
কোনো ক্ষণত যেন পুনৰ নতুন সপোনে মনক চুইছে
জীৱনৰ যেন প্ৰচুৰ সৌন্দৰ্য্যৰ মাদকতাক, অনুভৱ কৰিছো।
'এই সময় যেন মোৰ একেবাৰে নিজৰ সময়'
মৌনতাৰে বহি আছো, নিসংগতাৰ সংগী হৈ
যি নিসংগতা বিষাদৰ পিছে নহয়।
কাষতে বাজি আছে, মৃদু সুৰত গান ---
সম্পূৰ্ণভাৱে উপভোগ কৰিছো মোৰ জীৱনৰ এই বিশেষ সময়খিনি।
লগতে স্মৰণ কৰিছো বহু জনক আৰু একান্তভাৱে ঈশ্বৰক।
এনেকৈয়ে সময় আগুৱাই যাব, আৰু আগুৱাই যাব মনৰ গতি।
-------------------------------

প্ৰকাশ হৈছিল: 'অয়ন' আলোচনীত ('Ayon' - Vol 2, 2013 Edition)

Tag: Poem (কবিতা)

No comments:

Post a Comment