Pages

Sunday, 28 May 2017

আপুনি বিষাদগ্ৰষ্ট নহ'ব (প্ৰেম)

আপুনি বিষাদগ্ৰষ্ট নহ'ব
মাথো এক বিফল প্ৰেমৰ প্ৰাৰ্থী বুলি।
যদি আপুনি আজিও, জীয়াই থাকিব পাৰিছে,
আপোনাৰ জীৱনে ইতিমধ্যেই এক নতুন যাত্ৰা লৈছেই।
যদি আপোনাৰ জীৱনে, বহু দিন-ৰাতি গণিছে,
স্মৃতিয়ে নিজেই সকলোবোৰ এতিয়া পাহৰি পেলাইছেই,
আপুনি অতীতক বিচাৰিবলৈ চেষ্টা নকৰিব।
যদি আপুনি সঁচাকৈয়ে, অতিয়াও জীয়াই আছে,
ই নিশ্চিত যে, আপোনাৰ জীৱনে এক নতুন সংকল্প লৈছেই।
প্ৰেমৰ বিফলতা মাথো জীৱন ভঙাৰ প্ৰক্ৰিয়া নহয়
ই জীৱন গঢ়াৰ ক্ৰিয়া, গভীৰ আৰু দৃঢ় ভাৱে,
যদি আপুনি জীয়াই আছে।
প্ৰেম কোনো সফলতা বা বিফলতাৰ প্ৰতিযোগিতা নহয়
ই মাথো সময় আৰু পৰিস্থিতিৰ পৰিণতি,
য'ত আপুনি জীৱনৰ অঙ্কৰ সূত্ৰ পাহৰি পেলাই,
আৰু আপোনাৰ নিজৰ এক ভূল সিদ্ধান্তক
আপুনি, নিজকে বিফল বুলি ভাবে।
আজি আপুনি বুজিছেই,
আপোনাৰ জীৱনৰ প্ৰকৃত মন্ত্ৰটো কি,
আজি আপুনি সঠিক সময় আৰু সঠিক জনৰ বাবে
অপেক্ষা কৰিব পাৰিছে,
সেইয়েহে আপুনি আজিও জীয়াই আছে।
-------------------------------

প্ৰকাশ হৈছিল: 'অয়ন' আলোচনীত ('Ayon' - Vol 3, 2014 Edition)

Tag: Poem (কবিতা)

Tuesday, 16 May 2017

স্মৃতি আৰু যাত্ৰা

বহু স্মৃতি বুকুত লৈ, জীয়াই আছো মই
নিয়তিৰ সুতত যিদিনা মই, বিলিন হৈ যাম,
হয়তো মইয়ো স্মৃতি হৈ জীয়াই ৰম,
কাৰোবাৰ স্মৃতিৰ এখিলা কোমল পাতত।

আজি যাত্ৰা মাথো সময়ৰ ডেউকাত, সপোনৰ প্ৰতিক্ষা,
তাৰে মাজত মোৰ "চাঁ" আৰু মোৰ "মৃত্যু"
সময় যে গতিশীল.....

Tag: Poem (কবিতা)

ভাল লগা ক্ষণবোৰ

ভাল লগা ক্ষণবোৰ, এক অনুভূতি
যাৰ বাস্তৱ কোনো ৰূপ নাই,
ইয়াৰ অস্তিত্ব পিছে সদায়ে আছে, - হৃদয়ত।
....যিদৰে আমি ভগৱানক বিশ্বাস কৰো,
যদিও আমি কাহানিও দেখা নাপাওঁ।

Tag: Poem (কবিতা)

নষ্ঠালজিয়া, বিষাদ আৰু প্ৰেম

মৌনতাৰ সৈতে কথা পাতে কোনে ? (নষ্ঠালজিয়া)
এন্ধাৰৰ সৈতে লুকা-ভাকু খেলে কোনে ? (বিষাদ)
আকাশৰ নীলাখিনি দুচকুত সাঁচি ৰাখে কোনে ? (প্ৰেম)
       অৱচেতন মনৰ সৈতে,
সঘনে অহা-যোৱা কৰে যিজনে ।

Tag: Poem (কবিতা)

মোৰ নিজৰ সময়

আৱেগৰ সোঁতত উতি-ভাঁহি ফুৰিছো
সময় যে এতিয়া নিজম-নিঠৰ
বৰ একান্ত ব্যক্তিগত, অনুভৱৰ সময়।
বহু কথাই আৱৰি ধৰে মন ---
কিছু পোৱাৰ, কিছু হেৰুৱাৰ
কিছু কথাই লৈ যায় মন বহু দূৰলৈ,
কিছু কথাই সাঁথৰ কৰি দিয়ে ক্ষণিকৰ বাবে।
 


মাজে মাজে বাজি আছে মিঠা সুৰৰ গান
সুৰৰ মূৰ্চ্ছনাত মনৰ গতি আৰু দিশৰো সলনি হয়।
হয়তো বহু নষ্ঠালজিয়াও হৈ পৰিছো,
কোনো ক্ষণত নিজকে খঙো উঠিছে,
কোনো ক্ষণত যেন পুনৰ নতুন সপোনে মনক চুইছে
জীৱনৰ যেন প্ৰচুৰ সৌন্দৰ্য্যৰ মাদকতাক, অনুভৱ কৰিছো।
'এই সময় যেন মোৰ একেবাৰে নিজৰ সময়'
মৌনতাৰে বহি আছো, নিসংগতাৰ সংগী হৈ
যি নিসংগতা বিষাদৰ পিছে নহয়।
কাষতে বাজি আছে, মৃদু সুৰত গান ---
সম্পূৰ্ণভাৱে উপভোগ কৰিছো মোৰ জীৱনৰ এই বিশেষ সময়খিনি।
লগতে স্মৰণ কৰিছো বহু জনক আৰু একান্তভাৱে ঈশ্বৰক।
এনেকৈয়ে সময় আগুৱাই যাব, আৰু আগুৱাই যাব মনৰ গতি।
-------------------------------

প্ৰকাশ হৈছিল: 'অয়ন' আলোচনীত ('Ayon' - Vol 2, 2013 Edition)

Tag: Poem (কবিতা)

Biggest Motivator (Real Story)

"No one can be the biggest motivator in life than own-self"

One of the finest examples of Self - Motivator is "Arunima Sinha". She is from a middle class family and she is a National Volleyball champion too. In April 2011, when she was 24 years old, got into a train accident and lost her left leg. So, she affixed an artificial limb and her right leg was joined with a rod. But within 2 years she reached world's highest pick Mount Everest wining the adversity.
When she was in hospital's bed psychiatrist came to examine her, as from the hospital's bed she expressed her eagerness to start mission Mount Everest. At that time there was no question about inspiring her for the goal of Mount Everest as she had already lost her one leg and everybody surprised at her decision. But it was her "Will - Power" that contributed herself to get motivated.

Even in the book "You Can Win" by Shiv Khera, it is written that - "I can not motivate others. People motivate themselves. I can inspire others to get motivated." Inspiration is THOUGHT comes from others and Motivation is ACTION comes from inside.    

ধনাত্মক আৰু ঋণাত্মক চিন্তাধাৰা



  • এজন ব্যক্তি ধনাত্মক চিন্তাধাৰাৰে আগবাঢ়োতে, যদি তেওঁৰ কাষত ঋণাত্মক ব্যক্তিৰ প্ৰয়োভৰ হয়, তেতিয়া তেওঁৰ ধনাত্মক চিন্তাধাৰাত কিছু প্ৰভাৱ পৰিব পাৰে। অৱশ্যে ই ব্যক্তিজনৰ মানসিক শক্তিৰ ওপৰতো নিৰ্ভৰ কৰিব।
  • এজন ব্যক্তি ঋণাত্মক চিন্তাধাৰাৰে আগবাঢ়োতে, যদি তেওঁৰ কাষত সবল ধনাত্মক ব্যক্তিৰ প্ৰয়োভৰ হয়, তেতিয়া ঋণাত্মক চিন্তাধাৰাৰ ব্যক্তিজনো ধনাত্মক চিন্তাধাৰাৰ ব্যক্তিলৈ পৰিবৰ্তিত হ'ব।   
ঋণাত্মক ব্যক্তিৰ পৰা সদায় আতৰি থকায়েই উচিত।
      
ইয়াৰ পৰা এটা কথা অনুমান হয় যে - আমাৰ চিন্তাধাৰাত পৰিৱেশে বা ইয়াৰ উপাদান সমূহে প্ৰভাৱ পেলায়, যিদৰে শিশু অৱস্থাতেই এজন ব্যক্তিৰ স্বভাৱ গঠন হয় আৰু পৰিৱেশে ইয়াৰ মুখ্য ভুমিকা লয়। যদিও শিশু অৱস্থা পাৰ হোৱাৰ পিছতো স্বভাৱৰ পৰিবৰ্তন হ'ব পাৰে বিভিন্ন কাৰণত (ভাল বা বেয়া), কিন্তু স্বভাৱ গঠনৰ আৰম্ভনি শিশু অৱস্থাতেই হৈ যায়। এজন ব্যক্তিয়ে নিজকে মানসিক ভাৱে ইমানেই শক্তিশালী কৰি তুলিব লাগে যে, পৰিৱেশ আৰু ইয়াৰ উপাদান সমূহ আমাৰ মনৰ পৰিসৰৰ ওচৰত দূৰ্বল হৈ পৰে। তাৰ বাবে প্ৰথমে নিজকে বুজি পোৱাটো প্ৰয়োজন। আমি প্ৰত্যেকে মনত ৰখা উচিত য়ে, আমি প্ৰতিজন ব্যক্তিয়ে ভিন্ন শৰীৰ আৰু মনেৰে গঠিত আৰু আমাৰ শৰীৰ আৰু মনৰ ওপৰত কেৱল মাথো আমাৰ নিজৰ হে নিয়ন্ত্ৰন থাকে বা নিজৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। যেতিয়া লৈকে নিয়ন্ত্ৰৰ চাবি - কাঠি আমাৰ নিজৰ ওচৰত ৰাখিম, তেতিয়ালৈকে মন বিচলিত হ'ব নোৱাৰে। 
       এজন ব্যক্তিয়ে যদি আনৰ লগত নিজকে তুলনা নকৰাকৈ (সুখ - দুখ, সফলতা - বিফলতা, প্ৰাপ্তি - অপ্ৰাপ্তি ইত্যাদি) আগুৱাই যায়, তেনেহ'লে জীৱনৰ পথত সেই যাত্ৰা সদায় ধনাত্মক চিন্তাধাৰাৰেই হ'ব আৰু নিশ্চিত ভাৱে সেই যাত্ৰা এক সফল যাত্ৰায়েই হ'ব।

      জীৱনৰ যিকোনো পৰিস্থিতিৰ (লাগিলে প্ৰতিকূলেই হওঁক) সৈতে মুখামুখি হৈ, সেই পৰিস্থিতিৰ সৈতে নিজকে খাপ খোৱাব পৰাটোৱেই হৈছে ধনাত্মক চিন্তাধাৰাৰ বাস্তৱ ৰূপ।   

Tag: Article (প্ৰবন্ধ)

জীৱন আৰু উপন্যাস



প্ৰত্যেক মানুহৰ জীৱনটোৱেই এখন এখন সৰু - ডাঙৰ উপন্যাস। য'ত অন্তৰ্নিহিত হৈ থাকে জীৱনৰ বহু অভিজ্ঞতা। যিবোৰ লিখি গলে, হয়তো ৰূপ লব একো একোখন "নদী" কিম্বা "সাগৰ"। য'ত প্ৰতি টোপাল পানী হ'ব --- এটি এটি শব্দ তথা শব্দৰে গুঠা মালা।

এজন মানুহৰ দুচকুৰ ভাষাত প্ৰকাশ পায় সেই উপন্যাসৰ পাতনি। যি পাতনিয়ে বহন কৰে শব্দৰে প্ৰকাশ নোহোৱা উপন্যাসৰ ৰূপৰেখা। 

উপন্যাস খন লাহে লাহে এটি দুটি পৃষ্ঠাৰে আগুৱাই যায়, যেতিয়া আমি মানুহজনক বুজিবলৈ আৰম্ভ কৰো, যেতিয়া তেওঁৰ জীৱনৰ সৈতে আমাৰ চিনাকি হয়।

Tag: Article (প্ৰবন্ধ)

সুখী আৰু দুখী মানুহৰ সংজ্ঞা বিচাৰি

পৃথিৱীত দুই ধৰণৰ দুখী মানুহ আছে:
এজনে নিজৰ দুখত দুখী আৰু আনজনে আনৰ সুখ দেখি দুখী। এই ক্ষেত্রত দ্বিতীয় জন মানুহে জীৱনত কেতিয়াও এশ শতাংশ সুখী হ'ব নোৱাৰিব। কাৰণ সুখী মানুহ দেখাৰ লগে লগেই তেওঁ দুখ অনুভৱ কৰিব। আৰু সঁচা কথাটো এই যে, আমাৰ চাৰিওফালে সুখী মানুহৰো অভাৱ নাই, যিদৰে দুখী মানুহৰ অভাৱ নাই। প্ৰথম জন মানুহৰ জীৱনত, অৱশ্যে এদিন হ'লেও সুখ আহিবয়েই। কাৰণ, এইয়া যে প্ৰকৃতিৰ নিয়ম। 

উৎস: এদিন ছ্নী টি.ভি. ত, "কমেডী নাইট উইঠ কপিল শৰ্মা" অনুষ্ঠানতো চাই থাকোতে, দৰ্শকৰ মাজৰ পৰা হাঁহিৰ মাজেৰে এজন ব্যক্তিয়ে কোৱা প্ৰথম শাৰী কথা মনত ৰৈ গৈছিল। 


পৃথিৱীত দুই ধৰণৰ সুখী মানুহ আছে:

এজনে নিজৰ সুখত সুখী আৰু আনজনে আনৰ সুখ দেখিও সুখী। এই ক্ষেত্রত দ্বিতীয় জন মানুহৰ জীৱনত সেৰুৱাবলৈ একো নাথাকিলেও, সুখে কিন্তু তেওঁক কেতিয়াও এৰি থৈ নাযাব। প্ৰথম জন মানুহ অৱশ্যেই এজন স্বাভাৱিক ভাৱেই সুখী মানুহ।

         আচলতে সুখ ক'ত বিচাৰি পোৱা যাব ?

এদিন ক'ৰবাত পঢ়িবলৈ পাইছিলো - "সুখ" মানুহৰ নিজৰ মাজতেই অন্তৰ্নিহিত এটা বস্তু, ইয়াক বৰ্হিজগতত বিচৰাৰ প্ৰয়োজনেই নাই। ই নিৰ্ভৰ কৰিব জীৱনৰ প্ৰতি মানুহজনৰ মনোভাৱ (attitude) আৰু নিজেই নিজৰ প্ৰেৰণাৰ উৎস হোৱাৰ লগতে সকলো জীৱৰ প্ৰতি হৃদয়ত স্নেহ।

Tag: Article (প্ৰবন্ধ)

Smiling is Important



A day becomes beautiful, when we start a day with a smile and end with a smile. 

A life becomes beautiful, when we love everyone, even who hate us. 


Dr APJ Abdul Kalam said - 

"Smiling is a fantastic thing. If you smile, the whole day will be smiling and if you don't smile, day will not smile. So, keep smiling. It creates lot of friendship and happiness."

Tag: Article (প্ৰবন্ধ)

জীৱন আৰু মৃত্যুৰ সাৰ্থকতানো ক'ত ?

"Existence of life becomes successful,
When the people around us feel happy and get positive vibes due to our existence.

End of life will become successful,
When the people who do not like us during our life time will also feel little sad for the demise".
  

জীয়াই থকাৰ অস্তিত্ব তেতিয়া সাৰ্থক হয়,
যেতিয়া আমাৰ উপস্থিতিয়ে, আমাৰ চাৰিওকাষে থকা প্ৰতিজন লোকক সুখ, আনন্দ আৰু অনুপ্ৰেৰণা দিয়ে।

মৃত্যু তেতিয়া সাৰ্থক হ'ব,
যেতিয়া জীৱনত আমাক বেয়া পোৱা মানুহজনৰ হৃদয়েও অলপ কান্দি উঠিব আমাৰ প্ৰস্থানত।

Tag: Article (প্ৰবন্ধ)