Pages

Tuesday, 4 December 2018

পিতৃ–মাতৃৰ মনৰ অনুভূতিৰ প্ৰতি আমি কিমান সচেতন ?

প্ৰেমৰ বহু সংজ্ঞা, বহু ৰূপ হ’ব পাৰে । পিছে প্ৰেমৰ অনুভৱ তেতিয়াই কৰিছিলো, যেতিয়া মা–দেউতাৰ  চকুত চকু থৈ পৃথিৱীখন চাবলৈ শিকিছিলো। নিজৰ পিতৃ–মাতৃৰ প্ৰতি থকা দায়িত্ব জীৱনৰ পৰম দায়িত্ব বুলি অনুভৱ কৰো । যাৰ মাজত সৰগ বিচাৰি পাওঁ, যি আমাৰ বাবে ভগৱানৰ ৰূপ । সেয়েহে ভগৱানক বিশ্বাস কৰো । নিস্বাৰ্থ মৰম–ভালপোৱা আৰু প্ৰেৰণা পাওঁ । সকলো মূল্যবান বস্তু পিতৃ–মাতৃৰ ওচৰত মূল্যহীন তথা নিজৰ জীৱনো তুচ্ছ ।

বৰ্তমান সমাজত দেখি  থকা, পুত্ৰ–বোৱাৰীৰ দ্বাৰা নিৰ্য্যাতিত্ লগতে বৃদ্ধাশ্ৰমত পিতৃ–মাতৃ থাকিব লগীয়া হোৱা ঘটনাবোৰে মনত মচিব নোৱাৰা দুখ দিয়ে । কেনেকৈ বাৰো এজন সন্তানে নিজৰ পিতৃ–মাতৃৰ চকুত চকু পানী বোৱাইও, অনুতপ্ত বিহীন ভাৱে জীৱন কিন্তু সহজ ভাৱে পাৰ কৰিব পাৰে ! শৈশৱৰ পৰা সাঁচি ৰখা পিতৃ–মাতৃৰ স্মৃতিও যেন ক’ৰবাত দলিয়াই পেলায়।

সন্তান লাহে লাহে ডাঙৰ হয়, পিতৃ–মাতৃৰ হাতৰ আঙুলিত ধৰি । সেই সন্তানেও মনত ৰখা উচিত যে, পিতৃ–মাতৃৰো লাহে লাহে বয়স বাঢ়ি আহে আৰু তেতিয়া তেওঁলোকৰ শৰীৰ দুৰ্বল হৈ আহে, মন শিশুৰ দৰে হৈ আহে । অলপ মৰম, শ্ৰদ্ধা–ভক্তি আৰু এষাৰি মাতৰ লগতে তেঁওলোকক সময় দিয়াতো অতিকে প্ৰয়োজন । ইয়াৰ বাহিৰে, পিতৃ–মাতৃৰ বাবে কোনো হীৰা–মুকুতা সন্তানৰ পৰা কাম্য নহয় । সন্তান যিমানেই ডাঙৰ হৈ নাযাওক কিয়, দৈনন্দিন জীৱনৰ প্ৰতিটো সিদ্ধান্ত পিতৃ–মাতৃৰ লগত আলোচনা কৰিহে লোৱা উচিত। ইয়েই হ’ব তেঁওলোকৰ প্ৰতি আন্তৰিকতাৰ প্ৰকাশ ।

সময় থাকোতেই দায়িত্ব পালন কৰা উচিত ৷ এদিন যেতিয়া ইতিহাস হৈ যাব, তেতিয়া মাথো স্মৃতিহে ৰৈ যাব ৷

            “এই জীৱন পিতৃ–মাতৃৰ বাবে উৎসৰ্গীকৃত আৰু এই ধুনীয়া জীৱনতোৰ বাবে ধন্যবাদ ।।”

Tag: Article (প্ৰবন্ধ)