Pages

Thursday, 1 June 2017

আশাৰ মাজত আত্মবিশ্বাস

জীৱনটো তেনেই চুটি, যদি আমি বছৰ হিচাপে জোখিবলৈ যাওঁ,
জীৱনটো পিছে বহু যুগৰ সমষ্টি, যদি আমি এটি দুটি মুহূৰ্তৰ বিন্দুত বাস কৰো।
জীৱনৰ মৃত্যু তেতিয়া নহয়, যেতিয়া মানুহৰ মৃত্যু হয়,
জীৱনৰ মৃত্যুতৌ তেতিয়াই হৈ যায়, যেতিয়া আশাৰ মৃত্যু হয়।
আৰু আশাৰ মৃত্যু তেতিয়া হয়, যেতিয়া প্ৰেমৰ মৃত্যু হয় -
      জীৱনৰ প্ৰতি প্ৰেম, নদীৰ প্ৰতি প্ৰেম, সেউজীয়াৰ প্ৰতি প্ৰেম ইত্যাদি ইত্যাদি.....
জীৱনে কেতিয়াবা পথ হেৰুৱাব পাৰে, গতি নেহেৰুৱাই,
জীৱন যেতিয়া এটা পথত স্তব্ধ হয়, তেতিয়াই পুনৰ নতুন পথৰ সৃষ্টি হয়।
আৰু ইয়ে হৈছে - "আশাৰ মাজত আত্মবিশ্বাস" ।।

Tag: Poem (কবিতা)